Posts

Showing posts from July, 2026

Assamese Alphabets Words (বৰ্ণমালা Byonjonborno)

Assamese Vowels (স্বৰবৰ্ণ)   Vowels Sign Example আ া কা ই ি কি ঈ ী কী উ ু কু ঊ ূ কূ ঋ ৃ কৃ এ ে কে ঐ ৈ কৈ ও ো কো ঔ ৌ কৌ Assamese Consonants (ব্যঞ্জনবৰ্ণ) ক  খ  গ  ঘ  ঙ চ  ছ  জ  ঝ  ঞ ট  ঠ  ড  ঢ  ণ ত  থ  দ  ধ  ন প  ফ  ব  ভ  ম য  ৰ  ল  ৱ শ  ষ  স  হ ক্ষ   য়   ড়  ঢ় ৎ  ং  ঃ  ঁ Special Symbols ং (Anusvara) ঃ (Visarga) ঁ (Chandrabindu) ৎ (Khanda Ta) H...

মানৱ বন্দনা - কবিতাৰ মূলভাব | সাৰাংশ

মানৱ বন্দনা আহিছে মানুহ গইছে মানুহ     মানুহ ময়াপী জীৱ মানুহ-সোঁতৰ অন্ত নাইকিয়া'     বুলিলে মৰত কিয় ? মানৱী জনম দিয়া উটুৱাই     মানৱী কৰম সোঁতে মানুহৰ মৰম বুজিবা মানুহে     ধৰম যে মৰমতে । মানুহেই লগ মানুহেই সঙ্গ     মানুহেই পৰাৎপৰ এই যে পৃথিৱী স্বৰ্গতো অধিক     মানুহৰ নিজাপী ঘৰ । মানুহেই দেৱ মানুহেই সেৱ     মানুহ বিনে নাই কেৱ কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ     জয় জয় মানৱ দেৱ । - চন্দ্ৰকুমাৰ আগৰৱালা Q. মানৱ বন্দনা কবিতাটিৰ সাৰাংশ/মূলভাব তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। মূলভাব: এই কবিতাটোৰ মূলভাব হৈছে মানৱতাই জীৱনৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। কবিয়ে কৈছে যে মানুহ আহে আৰু যায়, কিন্তু মানৱজাতিৰ ধাৰা কেতিয়াও শেষ নহয়। সেয়েহে মানুহে জীৱনটো কেৱল নিজৰ বাবে নহয়, আনৰ উপকাৰ, মৰম আৰু সেৱাৰ বাবে ব্যৱহাৰ কৰা উচিত। কবিতাটিত মানুহৰ প্ৰতি মৰম, সহানুভূতি আৰু পাৰস্পৰিক সহায় সহযোগিতাকেই সঁচা ধৰ্ম বুলি কোৱা হৈছে। মানুহেই মানুহৰ সঁচা বন্ধু, সংগী আৰু ভৰসাস্থল। এই পৃথিৱীক স্বৰ্গতক...

নিৰৱতা - অসমীয়া কবিতা | Assamese Poem

শব্দৰ ভিৰত আজিকালি নিৰৱতা যায় হেৰাই  ওঁঠত বহু কথা, কিন্তু হৃদয়ত নাই কেতিয়াবা মন যায় ক'বলৈ - "মই ভাল নাই।" কিন্তু ওঁঠলৈ আহি কথাবোৰ উভতি যায়। মোবাইলৰ পৰ্দাই মুখ উজলাই, কিন্তু পোহৰ নাই চকুলোত এটি বাৰ্তাই হাজাৰ শব্দ কয়, তথাপিও অনুভূতি যে কত ? - Admin

শ্ৰীমন্ত শংকৰদেৱৰ প্রথম কবিতা - কৰতল কমল কমল দল নয়ন

কৰতল কমল কমল দল নয়ন। ভব দব দহন গহন-বন শয়ন ॥ নপৰ নপৰ পৰ সতৰত গময়। সভয় মভয় ভয় মমহৰ সততয়॥ খৰতৰ বৰ শৰ হত দশ বদন। খগচৰ নগধৰ ফনধৰ শয়ন॥ জগদঘ মপহৰ ভৱ ভয় তৰণ। পৰ পদ লয় কৰ কমলজ নয়ন॥ শ্ৰীমন্ত শংকৰদেৱে এই কবিতাটি স্বৰবৰ্ণ নোহোৱাকৈ লিখিছিল। কোৱা হয় যে তেওঁ প্ৰায় ১২ বছৰ বয়সত, পাঠশালাত কেৱল ব্যঞ্জনবৰ্ণ শিকিছিল অ ফলা শিকা নাছিল। সেইবাবে তেওঁ এনে এটি কবিতা ৰচনা কৰিছিল য'ত কোনো কাৰ চিহ্ন ব্যৱহাৰ হোৱা নাই। এই কবিতাটি কোমল গীত বুলিও জনা যায়।