Posts

Showing posts with the label Patriotic Poems

স্বদেশ প্রেম - Swadesh Prem Assamese Poem By Padmadhar Chaliha

স্বদেশ প্রেম কবি - পদ্মধৰ চলিহা ধৰেনে জনম কেৱেঁ এই মৰতত শিলাময় কৰি তাৰ হিয়াঁ, ‘এয়ে মোৰ জন্মভূমি’ বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া ? আনৰ দেশৰ পৰা উলতি আহোঁতে ফুৰা চাকি ঘৰমুৱা হৈ, জ্বলা নাই হিয়াঁ যাৰ স্বদেশ প্রেমেৰে আছেনে কোনোবা এনে অ’ই ? আছে যদি এনে কোনো এনে কাঠ-চিত চিনি থ’বা তাক ভালকৈ, তাৰ বাবে গায়কৰ উচ্ছ্বাস উথলি নুঠে তাৰ গুণ গাবলৈ । থাকক থাকিলে তাৰ ডাঙৰ উপাধি জগতত ফটা-ফুটা নাম, থাকক থাকিলে তাৰ বিভূতি-বৈভৱ, বাসনাই ঢুকি পোৱা মান । কিন্তু তেনে স্বাৰ্থপৰ দুৰকপলীয়া নাপায় খিয়াতি জনমত, দুগুন মৰণ ভূগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত । তাৰ বাবে কেৱেঁ নোটোকে চকুলো কেৱেঁ তাক নকৰে সন্মান, কবিয়ে কবিতা ৰচি নকৰে নকৰে কেতিয়াও তাৰ গুণ গান । Swadesh Prem is often described as an Assamese adaptation or translation of Walter Scott's poem Breathes There the Man.