1st Assamese Romantic Poem - বনকুঁৱৰী (জোনাকী যুগৰ কৱিতা)
বনকুঁৱৰী নিজম দুপৰীয়া সুহুৰিটি মাৰি মাতিলে নো কোনে কাক? বিজন বনত কোন ক’ত আছে? হালিছে গছৰ আগ। গহীন গছত বতাহৰ ছাটি পাত কঁপে থৰ থৰ। হাবিৰ মাজৰপৰা কোনে নো বা মাতি উঠে ‘মৰ মৰ?’ নিচুক লতিকা গছক সাৱটি- প্ৰতি অঙ্গে চুমাচুমি। পাতৰ আঁৰত থাকি কপৌটিয়ে কিবা কৰে জুমাজুমি! মৰমৰ গীত জুৰিলে লাজুকি মাত ফুটেই বা নাই। বিৰিখে হাঁহিছে হালিছে জালিছে নইৰ মুখলৈ চাই। কিবা কথা কয় নৈয়ে কুলু কুলু ইয়োটো ধেমালি যিহে! কোনে চায় নিতৌ বনৰ ধেমালি? মাতিলে নো সিটি কিহে? গছৰ আগত ময়না পখিটী মাতি সি নিচুক হ’ল। শুনো শুনো শুনিবলৈ বাট চাওঁ, মনতে হেঁপাহ ৰল। সিজুপি বকুল এই এৰাবাৰী কোন কাহানি বা গ’ল! চিন এই ভেটি তামোল লেটেকু হ’ল বহু দিন হ’ল। বাঁহৰ ছাঁয়াত গজালি গজিছে কোন নো ইয়াত ফুৰে? জুৰ জুৰ কৰি বতাহ বলিছে বাঁহৰ মাজে মাজে ঘূৰে। পাতে পাতে কিবা ফুচফুচাইছে মাৰিছে মিচিকি হাঁহি। কলাঘুমটীয়া সুখৰ এলাহ বতাহে সুৰসুৰায়হি। গাত গা লগাই কপৌ দুটিয়ে মুখতে মুখ দি আছে। অকণি বুকুত ইটিক সুমাই সিটিয়ে মৰম যাচে। অকণি ছোৱালী যক্ষিণী কন্যা এফেৰি ফুলৰে পাহি জানৰ কাষত পানী খুৱাইছে হৰিণা পোৱালি লাহি। চমকি চায় ৰই থাকে থৰে কুমাৰীৰ মুখলৈ চাই, ‘কিন...