মানৱ বন্দনা - কবিতাৰ মূলভাব

মানৱ বন্দনা

আহিছে মানুহ গইছে মানুহ
    মানুহ ময়াপী জীৱ
মানুহ-সোঁতৰ অন্ত নাইকিয়া'
    বুলিলে মৰত কিয় ?

মানৱী জনম দিয়া উটুৱাই
    মানৱী কৰম সোঁতে
মানুহৰ মৰম বুজিবা মানুহে
    ধৰম যে মৰমতে ।

মানুহেই লগ মানুহেই সঙ্গ
    মানুহেই পৰাৎপৰ
এই যে পৃথিৱী স্বৰ্গতো অধিক
    মানুহৰ নিজাপী ঘৰ ।

মানুহেই দেৱ মানুহেই সেৱ
    মানুহ বিনে নাই কেৱ
কৰাঁ কৰাঁ পূজা পাদ্য-অৰ্ঘ্য লৈ
    জয় জয় মানৱ দেৱ ।

- চন্দ্ৰকুমাৰ আগৰৱালা

Q. মানৱ বন্দনা কবিতাটিৰ সাৰাংশ/মূলভাব তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

মূলভাব:

এই কবিতাটোৰ মূলভাব হৈছে মানৱতাই জীৱনৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। কবিয়ে কৈছে যে মানুহ আহে আৰু যায়, কিন্তু মানৱজাতিৰ ধাৰা কেতিয়াও শেষ নহয়। সেয়েহে মানুহে জীৱনটো কেৱল নিজৰ বাবে নহয়, আনৰ উপকাৰ, মৰম আৰু সেৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।

কবিতাটিত মানুহৰ প্ৰতি মৰম, সহানুভূতি আৰু পাৰস্পৰিক সহায় সহযোগিতাকেই সঁচা ধৰ্ম বুলি কোৱা হৈছে। মানুহেই মানুহৰ সঁচা বন্ধু, সংগী আৰু ভৰসাস্থল। এই পৃথিৱীক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলে মানুহৰ প্ৰেম আৰু ঐক্যই। সেয়েহে কবিয়ে মানুহকেই দেৱতাৰ সমান মৰ্যাদা দি মানৱ সেৱাক সৰ্বোচ্চ পূজা বুলি ঘোষণা কৰিছে।

Comments

Popular posts from this blog

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

প্ৰেয়সী - Assamese Love Poem | Girlfriend

আশা - Assamese Poem Hope | অসমীয়া কবিতা