শ্ৰীমন্ত শংকৰদেৱৰ প্রথম কবিতা - কৰতল কমল কমল দল নয়ন

কৰতল কমল কমল দল নয়ন।

ভব দব দহন গহন-বন শয়ন ॥

নপৰ নপৰ পৰ সতৰত গময়।

সভয় মভয় ভয় মমহৰ সততয়॥

খৰতৰ বৰ শৰ হত দশ বদন।

খগচৰ নগধৰ ফনধৰ শয়ন॥

জগদঘ মপহৰ ভৱ ভয় তৰণ।

পৰ পদ লয় কৰ কমলজ নয়ন॥


শ্ৰীমন্ত শংকৰদেৱে এই কবিতাটি স্বৰবৰ্ণ নোহোৱাকৈ লিখিছিল। কোৱা হয় যে তেওঁ প্ৰায় ১২ বছৰ বয়সত, পাঠশালাত কেৱল ব্যঞ্জনবৰ্ণ শিকিছিল অ ফলা শিকা নাছিল। সেইবাবে তেওঁ এনে এটি কবিতা ৰচনা কৰিছিল য'ত কোনো কাৰ চিহ্ন ব্যৱহাৰ হোৱা নাই। এই কবিতাটি কোমল গীত বুলিও জনা যায়।

Comments

Popular posts from this blog

Assamese Calendar 2026 With Government Holidays (অসমীয়া পঞ্জিকা)

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

প্ৰেয়সী - Assamese Love Poem | Girlfriend