Posts

Showing posts from August, 2026

সুখ - কবিতা চন্দ্ৰকুমাৰ আগৰৱালা

সুখ সুখ সুখ বুলি বিয়াকুল নৰ নেপায় সুখৰ বুজ। বিচাৰি নেপায় আছে হাততেই হায় কৰি মৰে যুজ! সুখ নোহে ইটো জগতৰ বস্তু সুখ যে ময়াৰ বিত। মনৰ তলিৰ পৰা বই আহে লুকায় বাহিৰ বালিত। - চন্দ্ৰকুমাৰ আগৰৱালা সৰল অৰ্থ - মানুহে সুখ বিচাৰি গোটেই জীৱন কটাই কিন্তু বহুতেই নাপাই। কাৰণ সুখ বাহিৰত ক'ত পোৱা নাযায়। পালেও সেইটো খন্তেকীয়া সুখ। সঁচা সুখ নিজৰ মনৰ ভিতৰত পোৱা যায়। সেই সুখ থাকে ভাল কৰ্মত যিয়ে আনক সুখ দিয়ে।

নোৱাৰোঁ - অসমীয়া কবিতা | Assamese Poem

নোৱাৰোঁ নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ কদাপি নহয় সিটি কথা মানুহৰ, এলেহুৱা যিটো হয়, নোৱাৰো সিটোৱে কয়; তেনেহলে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পবলৈ যদি কৰা মন, তেনহ’লে নুবুলিবা নোৱাৰোঁ বচন । দহজনে পাৰে যিটো, তুমিও পাৰিবা সিটো । হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা এক বাৰে নোৱাৰিলে এশ বাৰে কৰা । ✍🏻- মঃ চোলেইমান খাঁ

নিশাৰ অনুভৱ - অসমীয়া কবিতা | Assamese Poem

নিশাৰ অনুভৱ নিশাৰ নীৰৱ বুকুত জোনাক নামি আহে নিশব্দে জোনাকী আকাশত সৰি পৰে সপোনৰ তৰাবোৰে নিশাই কাণে কাণে কয় বহু কথা, মৃদু বতাহত যেন লুকাই থাকে হৃদয়ৰ ব্যথা। দূৰ আকাশৰ তৰাই  নিশাৰ চকুত হাঁহে, জোনাকৰ সেই মিঠা পৰশ হৃদয়ত চিৰদিন থাকে।