1st Assamese Romantic Poem - বনকুঁৱৰী (জোনাকী যুগৰ কৱিতা)

বনকুঁৱৰী

নিজম দুপৰীয়া সুহুৰিটি মাৰি

মাতিলে নো কোনে কাক?

বিজন বনত কোন ক’ত আছে?

হালিছে গছৰ আগ।

গহীন গছত বতাহৰ ছাটি

পাত কঁপে থৰ থৰ।

হাবিৰ মাজৰপৰা কোনে নো বা

মাতি উঠে ‘মৰ মৰ?’

নিচুক লতিকা গছক সাৱটি-

প্ৰতি অঙ্গে চুমাচুমি।

পাতৰ আঁৰত থাকি কপৌটিয়ে

কিবা কৰে জুমাজুমি!

মৰমৰ গীত জুৰিলে লাজুকি

মাত ফুটেই বা নাই।

বিৰিখে হাঁহিছে হালিছে জালিছে

নইৰ মুখলৈ চাই।

কিবা কথা কয় নৈয়ে কুলু কুলু

ইয়োটো ধেমালি যিহে!

কোনে চায় নিতৌ বনৰ ধেমালি?

মাতিলে নো সিটি কিহে?

গছৰ আগত ময়না পখিটী

মাতি সি নিচুক হ’ল।

শুনো শুনো শুনিবলৈ বাট চাওঁ,

মনতে হেঁপাহ ৰল।

সিজুপি বকুল এই এৰাবাৰী

কোন কাহানি বা গ’ল!

চিন এই ভেটি তামোল লেটেকু

হ’ল বহু দিন হ’ল।

বাঁহৰ ছাঁয়াত গজালি গজিছে

কোন নো ইয়াত ফুৰে?

জুৰ জুৰ কৰি বতাহ বলিছে

বাঁহৰ মাজে মাজে ঘূৰে।

পাতে পাতে কিবা ফুচফুচাইছে

মাৰিছে মিচিকি হাঁহি।

কলাঘুমটীয়া সুখৰ এলাহ

বতাহে সুৰসুৰায়হি।

গাত গা লগাই কপৌ দুটিয়ে

মুখতে মুখ দি আছে।

অকণি বুকুত ইটিক সুমাই

সিটিয়ে মৰম যাচে।

অকণি ছোৱালী যক্ষিণী কন্যা

এফেৰি ফুলৰে পাহি

জানৰ কাষত পানী খুৱাইছে

হৰিণা পোৱালি লাহি।

চমকি চায় ৰই থাকে থৰে

কুমাৰীৰ মুখলৈ চাই,

‘কিনো নো চাইছ!’ বুলি ছোৱালীয়ে

গালত হাঁহি চৰায়।

দুখোজতে লৰি পালেগৈ ঘূৰি

যক্ষিণী কুমাৰী মাজ,

আঁহতৰ তলে নাচিচে দুজনী

পিন্ধি বনফুল সাজ।

মুকলি চুলিৰে নাম গায় ঘূৰি

চাপৰি টুক্ টুক্ টুক্।

ৰূপহীৰ মেল দেৱযোনি খেল

মানুহে নেদেখা মুখ।

খিল্ খিল্ হাঁহি গ’ল দিহাদিহি

চিঙ্গে ফুল কতোজনী।

কপৌৰ বাঁহলৈ উৰি গ’ল কোনো,

দিলে গৈ চুমা একণি।

খোপাত পিন্ধিছে বনৰ পখিলা,

আটাই আপোনা ধন।

বন ফুলৰ মৌ পিছে কোনোৱে বা,

শান্ত হ মানুহ মন।

কি দেখিছ মৌ শ্যামল পাটীত

ছঁয়াত বা কিনো চাম।

নীল চুলি মেলাইছে কোনে নো বা

মুখনি উজল শ্যাম।

মৰকত মণি জিলিকে শিৰত

দেৱী হ’ব বনকুঁৱৰী।

মুকুতাৰে অঁৰা লগতে ইজনা

জলৰ দেৱী নীয়ৰী।

চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি,

খোপাত আৰিছে মালা,

আগতে অলেখ বনফুল ৰাশি

ৰূপেৰে গোন্ধেৰে ভৰা।

জুৰজুৰ কৰি আনিলে বতাহে

উৰাই কেতেকী পাহি,

মলমলাই গ’ল দিশ বিদিশ

মাতিলে বতাহে হাঁহি

“মৰম ভিখাৰী বিচাৰিছোঁ দেৱী

প্ৰাণৰ অমিয়া মাধুৰী।”

মিচিকনি মাৰি হাঁহি দান দিলে

দুয়ো প্ৰকৃতি কুঁৱৰী।

অথিৰ বায়ুৰ শিয়ঁৰিল নোম,

উছলাইছে গৈ জান

কাৰণ-নেদেখা আনন্দৰ ঢৌৱে

বুৰালে প্ৰাণীৰ প্ৰাণ।


- Chandrakumar Agarwala


This poem is the first Assamese romantic poem in Jonaki-era Assamese literature. Now under Public domain and please note that text wording may vary across historical editions.


More Romantic Poems:

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love

প্ৰিয়তমাৰ চিঠি - Assamese Love Poem

নীৰৱ প্ৰেম - Short Assamese Poem On Love

Comments