নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা
নীৰৱ প্ৰেম
নয়নৰে নয়ন মিলিল,
মনৰ কথা নক’লেও ক’লে।
চকুৰ হাঁহিতে বুজি পালোঁ,
প্ৰেম যে নীৰৱে বোৱে।
ফুলে ফুলে সজাই থোৱা,
এই সেউজীয়া পথটি।
তুমি হাঁহিলে জীৱন মোৰ,
হ’ল সোণালী সপোনটি।
(Copyright: Assamesepoem.com)
Comments