Skip to main content

প্ৰিয়তমাৰ চিঠি - Priyotomar Sithi | Assamese Love Poem

প্ৰিয়তমাৰ চিঠি

- হেমচন্দ্ৰ গোস্বামী

সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই
প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্‌ পিত্‌;
কুকুৰাঠেঙীয়া এই আখৰকিটিত
যি অমিয়া ঘঁহা আছে, ক’তো আৰু নাই ।

কবি-নিকুঞ্জত ফুলি কত কবিতাই
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গন্ধকো নাপায় ।

ফুলে ফুলে, সৰি যায়, শুকান বননি,
বসন্তৰ কুঁহি-পাত ৰ’দত লেৰেলে;
তোমাৰ চিঠিয়ে, প্ৰিয়ে, জানে কি মোহিনী
নিতৌ নোহোৱা বাহী ন ন ফুল মেলে ।

যত শুঙো, চুমা খাওঁ, নালাগে আমনি,
হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে 

(Public Domain)

Comments