Swadesh Prem Assamese Poem By Padmadhar Chaliha

স্বদেশ প্রেম

কবি - পদ্মধৰ চলিহা


ধৰেনে জনম কেৱেঁ এই মৰতত

শিলাময় কৰি তাৰ হিয়াঁ,

‘এয়ে মোৰ জন্মভূমি’ বুলি মনে মনে

এবাৰো যি কোৱা নাইকিয়া ?

আনৰ দেশৰ পৰা উলতি আহোঁতে

ফুৰা চাকি ঘৰমুৱা হৈ,

জ্বলা নাই হিয়াঁ যাৰ স্বদেশ প্রেমেৰে

আছেনে কোনোবা এনে অ’ই ?

আছে যদি এনে কোনো এনে কাঠ-চিত

চিনি থ’বা তাক ভালকৈ,

তাৰ বাবে গায়কৰ উচ্ছ্বাস উথলি

নুঠে তাৰ গুণ গাবলৈ ।

থাকক থাকিলে তাৰ ডাঙৰ উপাধি

জগতত ফটা-ফুটা নাম,

থাকক থাকিলে তাৰ বিভূতি-বৈভৱ,

বাসনাই ঢুকি পোৱা মান ।

কিন্তু তেনে স্বাৰ্থপৰ দুৰকপলীয়া

নাপায় খিয়াতি জনমত,

দুগুন মৰণ ভূগি ধূলিৰ মানুহ

মিলি যাব ধূলিৰ লগত ।

তাৰ বাবে কেৱেঁ নোটোকে চকুলো

কেৱেঁ তাক নকৰে সন্মান,

কবিয়ে কবিতা ৰচি নকৰে নকৰে

কেতিয়াও তাৰ গুণ গান ।


Swadesh Prem is often described as an Assamese adaptation or translation of Walter Scott's poem Breathes There the Man.

Comments

Popular posts from this blog

Assamese Calendar 2026 With Government Holidays (অসমীয়া পঞ্জিকা)

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

প্ৰেয়সী - Assamese Love Poem | Girlfriend