সুখ - কবিতা চন্দ্ৰকুমাৰ আগৰৱালা
সুখ
সুখ সুখ বুলি বিয়াকুল নৰ
নেপায় সুখৰ বুজ।
বিচাৰি নেপায় আছে হাততেই
হায় কৰি মৰে যুজ!
সুখ নোহে ইটো জগতৰ বস্তু
সুখ যে ময়াৰ বিত।
মনৰ তলিৰ পৰা বই আহে
লুকায় বাহিৰ বালিত।
- চন্দ্ৰকুমাৰ আগৰৱালা
সৰল অৰ্থ - মানুহে সুখ বিচাৰি গোটেই জীৱন কটাই কিন্তু বহুতেই নাপাই। কাৰণ সুখ বাহিৰত ক'ত পোৱা নাযায়। পালেও সেইটো খন্তেকীয়া সুখ। সঁচা সুখ নিজৰ মনৰ ভিতৰত পোৱা যায়। সেই সুখ থাকে ভাল কৰ্মত যিয়ে আনক সুখ দিয়ে।
Comments