ফুল ফুলাৰ কথা - অ’ ফুল অ’ ফুল অসমীয়া কবিতা

ফুল ফুলাৰ কথা

অ’ ফুল অ’ ফুল নুফুল কিয় ? 

গৰুৱে যে আগ খায় মইনো ফুলিম কিয় ?


অ’ গৰু অ’ গৰু আগ খাৱ কিয় ? 

গৰখীয়াই যে মোক নৰখে মইনো নাখাম কিয় ?


অ’ গৰখীয়া অ’ গৰখীয়া গৰু নৰখ কিয় ? 

ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰখিম কিয় ?


অ’ ৰান্ধনী অ’ ৰান্ধনী ভাত নিদিয় কিয় ? 

খৰিকটীয়াই যে খৰি নিদিয়ে মইনো দিম কিয় ?


অ’ খৰিকটীয়া অ’ খৰিকটীয়া খৰি নিদিয় কিয় ? 

বৰ গছ যে কাটি থৈছোঁ নুশুকায়নো কিয় ?


অ’ বৰগছ অ’ বৰগছ নুশুকাৱ কিয় ? 

মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয় ?


অ’ মেঘ অ’ মেঘ বৰষুণ দিয় কিয় ? 

ভেকুলীয়ে যে টোৰটোৰায় মইনো নিদিম কিয় ?


অ’ ভেকুলী অ’ ভেকুলী টোৰটোৰাৱ কিয় ? 

বোপাককাৰ সহজটো মইনো এৰিম কিয় ?


মই কৰোঁ টোৰ টোৰ , 

মেঘে গাজে গুৰ গুৰ , 

বৰষুণ পৰে হুৰ হুৰ।

Comments

Popular posts from this blog

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

প্ৰেয়সী - Assamese Love Poem | Girlfriend

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

আশা - Assamese Poem Hope | অসমীয়া কবিতা