জনমভূমি - Assamese Poem Janambhumi By Nalinibala Devi

জনমভূমি

মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই 
জনমৰ আদিম পূৱাত,
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত। 

মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই 
চেনেহৰ  শিতলী কোলাত, 
ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ
জিৰাবহি তোমাৰ ছাঁয়াত।

পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি, 
বাঁহ লম ওখ বিৰিখত,
পুৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।

আকাশৰ তৰাহৈ ৰ লাগি চাম ৰৈ 
    সেউজীয়া শুৱনি জেউতি, 
জোনাকত মিল হৈ  বিমান পথত ৰৈ 
ওৰে ৰাতি কৰিম আৰতি।

হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ
ফুলি ৰম মানসী বিলত, 
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
ঢুলাম তোমাৰ চৰণত।

নদী হৈ পখালিম দুখানি চৰণ নিতে,
মাটি হৈ মিলিম বুকুত, 
সোনোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম 
শেঁতা পৰা দুখনি ওঁঠত।

তোমাৰেই ধুলি বালি তোমাৰ আকাশ বায়ু
আই মোৰ সৰগত বাস,
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীৰ্থৰ প্ৰভাস।

অ' মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ স্বৰগ;
ক'ত পাম এনে প্ৰতি সৰল প্ৰাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।

দুখীয়াৰ ভগা পঁজা একেোখনি তীৰ্থ তাত
একেখনি পূণ্যৰ আশ্ৰম;
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ 
লও যেন পুণৰ জনম। 

               - নলিনীৱালা দেৱী 


"জনমভূমি" কবিতাটোৱে মাতৃভূমিৰ প্ৰতি গভীৰ প্ৰেম, কৃতজ্ঞতা আৰু আত্মিক বন্ধনৰ এক অপূৰ্ব প্ৰকাশ আগবঢ়াইছে। কবিয়ে জন্মৰ পৰা মৃত্যু আৰু মৃত্যুৰ পিছতো নিজৰ দেশৰ মাটি, আকাশ, বতাহ আৰু মানুহৰ সৈতে এক হৈ থাকিবলৈ কৰা আকাংক্ষা অতি সুন্দৰকৈ প্ৰকাশ কৰিছে আৰু আমাকো নিজৰ জনমভূমিৰ প্ৰতি মৰম, দায়িত্ববোধ আৰু গৌৰৱৰ অনুভূতিৰে উদ্বুদ্ধ কৰিছে।

Comments

Popular posts from this blog

Assamese Calendar 2026 With Government Holidays (অসমীয়া পঞ্জিকা)

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

প্ৰেয়সী - Assamese Love Poem | Girlfriend