Old Assamese Poem 2020 || ৰাজপথ

Hello everyone how are you? hope you all guys fine. so, today we are going to provide you a old assamese poem only for you which is written by Bhabananda dutta . If you want to read our best post then you can Click Here

              ৰাজপথ  


ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ! 

ক'ত ট্ৰাম,বাছ,টেক্সি,ৰিক্সা চলে

তোমাৰ উদাৰ বুকুৰ উপৰেদি

কত ব্যগ্ৰ ৰাজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ

গোপন অভিসাৰ চলে

তোমাৰ প্ৰশান্তাৰ সুবিধা লৈ। 

ক'ত অফিচ-ফেৰত, হোতেল-বাকী কেৰানি আদিৰ শ্ৰান্তি গুছোৱা ৰূপ বজাৰৰ

আমোদ সিনিৰ  সুবিধা দিয়া। 

অন্ধকাৰ ৰাতিৰ সুবিধা লৈ

সমাজৰ চকুত ধূলি দিয়া

জীৱিকা সন্ধানী ভদ্র বনিতাৰ

চৰনাঘাত লভিছা ক'ত! 

বিচিত্র লিলা তোমাৰ, 

দুকাষে  তোমাৰ দালানৰ শাৰী

পাঁচ তলাৰ উপৰত শুনা যায় ৰেডিঅৰ গান, 

অৰ্গেনত ৰবীন্দ্ৰ সংগীত

ডবল তলিচা পৰা মেহগনি পালেঙত

বিৰহ-কাতৰা কলেজ গাৰ্লৰ

অলসায়িত দেহা। 

আৰু তাৰ তলতেই ফুটপাতথত

শূন্য ভিক্ষা পাত্র লৈ শুই পৰা

মৃতপ্রায় কংকালৰ শাৰী;

গৃহহীন যিসকল, 

ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইন পোষ্ট যেন

অৰ্থহীন অধিকাৰহীন

বঞ্চিতৰ বাচিবৰ বাঞ্ছা

তোমাৰ কোলাত পায় সিয়ে নিঃশ্ৰেয়স মোক্ষ। 

                                ভৱানন্দ দত্ত

Previous
Next Post »