Best Natural Poem দৃশ্যান্তৰ By হৰেকৃষ্ণ ডেকা 2020 || Assamese poem


 Best Natural Poem দৃশ্যান্তৰ By  হৰেকৃষ্ণ ডেকা. This Poem dedicated to nature. Some Poets really love to compare our life situation with nature. So, poets relate our life with nature and write poems. So, today we have collected One of the natural poems for you. To enjoy more related poems Click Here'

 

দৃশ্যান্তৰ

পঁচিশ বছৰৰ আগতে 

এই ঠাইতেই এজনক লগ পাইছিলোঁ।

আলি-কেঁকুৰিটো আছিল কেঁচা। 

সময়টো আছিল গধূলি। 

তেওঁ নঙলামূখত বিচাৰি ফুৰিছিল

নিজৰ পদূলি।

এটা পঁজাঘৰ।

আকাশ ধিয়াই কেইজোপামান কাকিনী  তামোল। 

ঘৰৰ দাঁতিত আগলি বাঁহৰ

নমিত নমস্কাৰ। 

পূর্ণ জোনৰ লন্ঠনৰ পোহৰতো

কুকুৰীকনা মানুহ জনে নিজৰ ঘৰ বিচাৰি

পোৱা নাছিল। 

ওচৰত সহায় সাৰথি কেও নাছিল। 

মই যেতিয়া হাতত ধৰি তেওঁক

আগুৱাই দিছিলোঁ, কৈছিল, 

বৰ শান্তিত  আছোঁ

এই পজাটিত।

আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক

বৃদ্ধ ন্যুজ্ব দেহ। 

বয়সৰ চিন নোহোৱা হ'লে মুখত পচিশ বছৰৰ আগৰ সাইলাখ সাঁচ। 

সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। 

ওচৰে - পাজৰে আন কেইবাটাও অট্টালিকা। 

এটাতকৈ  আনটো ৰূপ চৰা। 

সন্ধ্যা ভাগৰ বহু পাছতো মানুহ পিয়াপি দি 

ফুৰিছিল। 

চশমাৰ  তলেৰে সন্দেহেৰে চাই তেওঁ মোলৈ

সুধিলে, হেৰা অচিনাকি মানুহ জন, 

তোমাক কি লাগেহে  ইয়াত? 

ভাৰাঘৰ বিচাৰি আহিছা

এই কুবেৰৰ  মহলাত ক'ত পাবা আৰু পালেও 

কি শান্তিত থাকিবা ইয়াত। মৰিলে  দাহ কৰিবলৈও এজন মানুহ নাই। 

যখৰ পোৱালিহঁতে কাক কোনে চায়।

এই বুলি কয় তেওঁ সাত মহলীয়া ঘৰৰ 

ভিতৰলৈ সোমাই গ'ল। 

এই কংক্রিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু।  

বৰ অশান্তিৰে উভতি আহলো।। 

                              -হৰেকৃষ্ণ ডেকা

Previous
Next Post »

1 Comments:

Click here for Comments
1 November 2020 at 06:27 ×

This is new and intriguing to my English sensibilities.

Congrats bro Perfectimperfectiondd.com you got PERTAMAX...! hehehehe...
Reply
avatar